Axom Sarba Siksha Abhijan Mission Recruitment 2019

সৰ্বশিক্ষা অভিযান মিছন, লক্ষীমপুৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ বাবে এটা নৈশ চৌকিদাৰৰ পদ কেৱল ১১ মাহৰ বাবে

ঠিকাভিত্তিত নিযুক্ত কৰিবৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰ৷ হৈছে।

চৰ্তাৱলী ?

  • মকৰল সম্পূৰ্ণ ঠিকাভিত্তীত হ’ব। যাৰ বাবে দুয়োপক্ষৰ মাজত কাৰ্যতঃ যোগদান কৰা তাৰিখৰ পৰা এখন চুক্তিনামা

সম্পাদন হ’ব। সেইদৰে চুক্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে কোনো জাননী নিদিয়াকৈ তেখেতৰ কাৰ্যকাল অন্ত পৰিব।

  •  প্ৰাৰ্থীগৰাকী (ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ সামৰিক সেৱা বিভাগৰ) প্রাক্তন কৰ্মচাৰী হ’ব লাগিব।
  • প্ৰাৰ্থী গৰাকী সু-স্বাস্থ্যৱান হোৱাৰ লগতে ব্যক্তিত্বশালী, সদাতৎপৰ, সাহসী আৰু নিৰ্ভিক প্রকৃতিৰ আৰু অধিক সেৱা

আগবঢ়োৱাৰ মনোবৃত্তি সম্পন্ন হ’ব লাগিব।

  • বাছনিভুক্ত প্ৰাৰ্থীগৰাকীয়ে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত সেৱা আগবঢ়াব লাগিব আৰু ভৱিষ্যতে চৰকাৰ বা

সৰ্বশিক্ষাৰ অধীনৰ স্থায়ি বা অস্থায়ী কোনো পদত নিযুক্তিৰ বাবে দাবী কৰিব নোৱাৰিব।

  •  বয়সৰ উৰ্ধসীমা ৪৫ বছৰ।

পাৰিশ্ৰমিক:  মাহিলি নিৰিখ ১২০০০.০০ (PB)- ৩৯০০.০০ (GP) টকা

আবেদন প্ৰক্ৰিয়া : তলত উল্লেখ কৰা তথ্য আৰু প্রসংগিক পত্যায়িত নথি আৰু পাছপ ‘ আকাৰৰ শেহতীয়া ফটোসহ বগা কাগজত

সন্নিবিষ্ট কৰি লিখিতভাৱে কাৰ্যালয় চলি থকা সময়ত ১৬ ডিচেম্বৰ, ২০১৯ তাৰিখৰ ভিতৰত জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত

আবেদন জনাব পাৰিব।

(ক)প্রাৰ্থীগৰাকীৰ নাম

(খ) অভিভাৱকৰ নাম

(গ) স্থায়ী ঠিকনা

(ঘ) যোগা-যোগৰ ঠিকনা

(ঙ) ফোন নম্বৰ

(চ)জন্মৰ তাৰিখ

(ছ) ১/১/২০২০ তাৰিখলৈ প্ৰাৰ্থীৰ বয়স

(জ) শৈক্ষিক অৰ্হতা আৰু

(ঝ) পূৰ্বৰ চৰকাৰী সেৱা সম্পৰ্কীয় প্ৰমাণপত্ৰ আৰু অভিজ্ঞতা

(ঞ) পূৰ্বৰ চৰকাৰী সেৱা ত্যাগ কৰাৰ কাৰণ সম্পৰ্কীয় তথ্য।

২০ ডিচেম্বৰ, ২০১৯ তাৰিখে জিলা মিছন কাৰ্যালয়ত পৰৱৰ্তী বাছনি প্রক্ৰিয়াৰ বাবে প্রাৰ্থীৰ নামৰ তালিকা, সাক্ষাৎকাৰৰ তাৰিখ

আৰু স্থান সম্পৰ্কীয় জাননী জাৰি কৰা হ’ব। সাক্ষাৎকাৰৰ বাবে প্রাৰ্থীলৈ ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰ৷ বা সাক্ষাৎকাৰৰ কোনো ধৰণৰ

বানচ দিয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *